জীৱন যুদ্ধত জয়ী হোৱা এগৰাকী মহিলা তেজপুৰৰ অমৃতমাধুৰী দেৱী Victorious Lady in Life Struggle from Tezpur


অমৃতমাধুৰী দেৱী; কেতেকীবাৰী নিবাসী এগৰাকী স্বাভিমানী,আত্মনিৰ্ভৰশীলা মহিলা৷ শিৱসাগৰৰ জীয়ৰী, এই মহিলাগৰাকীৰ মাক-দেউতাক দুয়োজনেই শিক্ষক৷ সৰুকালতেই মাক-দেউতাকৰ পৰা শিক্ষা পাইছিল, ডাঙৰ হৈ সমাজৰ কাৰণে কিবা এটা কৰিব লাগিব৷ নিজৰ উপাৰ্জনৰ কিছু অংশ সমাজৰ কাৰণে দান দিব লাগিব৷ এক শিক্ষিত-সংস্কৃতিপূৰ্ণ, আৰ্থিক ভাৱে সৱল পৰিয়ালত জন্ম হৈ মাধুৰী দেৱীয়ে সৰুৰে পৰা শিকিছিল দুখীয়াক দান দিবলৈ, দুৰ্বলজনক সহায় কৰিবলৈ ৷ BSc পঢ়ি থাকোতেই প্ৰেম-বিবাহ হ’ল তেজপুৰৰ দ’ বেচেৰীয়া নিবাসী শ্ৰী যুত হিৰণ্য নাথৰ লগত৷ বিয়া হৈ মাধুৰী দেৱী তেজপুৰলৈ আহি নতুন ঘৰখনত পালে সম্পুৰ্ণ এটা বেলেগ পৰিবেশ, গাৱঁৰ ঘৰএখনৰ সৈতে কৃষিত ধনী এটা পৰিয়াল৷ চাকৰিজীৱি পৰিয়াল এটাত নিজৰ জীয়ৰী কালছোৱা পাৰ কৰি আহি মহিলাগৰাকীয়ে কৃষিত ধনী এটা পৰিয়ালৰ লগত তাল মিলাই চলিব লগা হ’ল৷ বিয়াৰ পাছতেই মাধুৰী দেৱীৰ BSc পৰীক্ষীৰ ৰিজাল্ট দিছিল, য’ত তেওঁ প্ৰথম শ্ৰেণীত প্ৰথম বিভাগ লৈ উত্তীৰ্ণ হৈছিল ৷ তেওঁ MSc পঢ়াৰ ইচ্ছা মনতে সামৰি সংসাৰৰ প্ৰতি মন দিবলৈ ল’লে৷ প্ৰথম সন্তানৰ জন্ম হ’ল ১৯৯৩ চনত৷ স্বামীৰ ব্যৱসায়ৰ কাৰণে তেওঁ ১৯৯৪ চনৰ পৰা এতিয়াৰ কেতেকীবাৰীত থাকিবলে ল’লে৷ যদিও ঘৰ সংসাৰক লৈ ব্যস্ত আছিল, অমৃতা মাধুৰীৰ মনৰ পৰা নিজা কিবা এটা কৰাৰ চিন্তা বা দহজনক সহায় কৰাৰ মনোভাৱ হেৰাই যোৱা নাছিল৷ ওচৰৰে স্কুল এখনত অংক শিক্ষয়ত্ৰী হিচাপে যোগদান কৰিলে৷ ৫ বছৰ অংক শিক্ষক হিচাপে চাকৰি কৰিলে৷ দ্বিতীয় সন্তানৰ জন্মৰ সময় হ’ল৷ স্বামী ব্যস্ত নিজৰ ব্যৱসায়ৰ কামত৷ সন্তান জন্মৰ কাৰণে স্কুলৰ পৰা ছুটি লব লগা হ’ল৷ প্ৰায় আঠমাহ পাছত স্কুলৰ কৰ্মকৰ্তাসকল তেওঁৰ ওচৰলৈ আহিল, তেওঁক স্কুলত আকৌ যোগদান কৰিবলৈ অনুৰোধ কৰিবলৈ৷ কাৰণ স্কুলখন প্ৰাদেশীকৰণ অৱস্থাৰ পৰা চৰকাৰী হওঁ হওঁ অৱস্থাত আছে৷ স্কুলৰ ছাত্ৰ-ছাত্ৰ আৰু অভিভাৱক সকলোৱে মাধুৰী বাইদেউক স্কুলত বিচাৰিছে৷ তেওঁ স্বামীৰ পৰামৰ্শম’তে আৰু কিছুদিন ছুটি ল’লে৷ এবছৰৰ পাছত আকৌ আহিল স্কুলৰ পৰিচালক মণ্ডলী৷ সেইবাৰ মাধুৰী বাইদেউৰ স্বামীয়ে স্পষ্টকৈ ক’লে, স্কুল এৰি দিবলৈ; কাৰণ ল’ৰা দুটাক কোনে চোৱা-চিটা কৰিব৷ স্কুলৰ কৰ্তৃপক্ষ আৰু নিজৰ পত্নীৰ হাজাৰ অনুৰোধও মানুহজনে উপেক্ষা কৰিলে৷ অমৃতমাধুৰী বাইদেৱে নতুনকৈ চৰকাৰী হোৱা স্কুলখনৰ শিক্ষকৰ পদৰ পৰা ৰিজাইন দিলে সংসাৰ আৰু সন্তানৰ চোৱাচিটাৰ বাবে৷ ইয়াৰ পাছৰ পৰাই মহিলাগৰাকীৰ আৰম্ভ হ’ল হাঁ-হুতাশ, হুমুনিয়াহ, আৰু মানসিক কষ্টৰ এক অধ্যায়৷
মহিলাগৰাকিয়ে শান্তিৰ সংসাৰ এখনৰ কাৰণে স্বামীৰ কথা মানি লৈছিল যদিও মনৰ মাজত এক ধৰণৰ হাহাঁকাৰো জন্ম হৈছিলে৷ শিক্ষক মাক -দেউতাকৰ বৰজীয়ৰী মাধুৰীবাইদেউে সৰুৰে পৰা আৰ্থিক-মানসিক সকলো ধৰণৰ নিৰাপত্তা লৈয়ে ডাঙৰ হৈছিল ৷ স্কুলৰ চাকৰি কৰাত নিজা এটা উপাৰ্জন হৈছিল৷ এতিয়া চাকৰি এৰি দিয়াত আৰ্থিক অভাৱ অনুভৱ কৰিবলৈ লৈছিল৷ স্বাভিমানী মহিলাগৰাকীৰ নিজৰ ভাষাত, “ আমাৰ মা-দেউতা দুয়োজন শিক্ষক৷ আমাক খং নকৰে৷ যদি কিবা ভূল কৰো, উদাহৰণ দি বুজাই দিয়ে দেউতাই৷ সব কথা আমাৰ মাজত মুকলিকৈ আলোচনা হয়৷ আমাক বহুত বেছি একো দিয়া নাছিলে যদিও আমাৰ প্ৰয়োজনীয়খিনি তেওঁলোকে সদায় দিয়ে৷ মোৰ মানুহজন মোক এনেকুৱা এখন ঘৰৰ পৰা বিয়া পাতি আনি কিয় মোৰ কথা বুজি নাপায়৷ কিয় নাজানে মোক কি লাগে, কি নালাগে৷ কিয় মোক এনেদৰে অস্বিত্বহীন কৰিব বিচাৰে৷ কিয় মোকো অৱহেলা কৰে৷ মই কি এনেকৈয়ে ভাত বনাই, নিমখ-হালধীৰ হিচাপ কৰিবলৈহে ইমান পঢ়িলো নেকি”- মাধুৰী বাইদেউৰ মনটোয়ে হয়টো চাকৰিটো এৰি দিব লগীয়া হোৱাত কষ্ট পাইছিল ৷ সেইয়া ২০০০ চনৰ কথা৷

স্বামীয়ে ব্যৱসায়ৰ পইচাৰে ট্ৰেক্টৰ এখন কিনি পামত খেতি কৰিবলৈ গুচি গ’ল৷ তেওঁ থাকে কেতেকীবাৰীত দুটা সন্তান লগত লৈ৷ সেই সময়ত যথেষ্ট আৰ্থিক অভাৱৰ সন্মুখীন হৈছে তেওঁলোক৷ মাধুৰী বাইদেয়ে ঘৰতে কুকুৰা দুজনীমান পুহিবলৈ ল’লে৷ লাহে লাহে সেই দুজনীৰ পৰা ৪০ জনী কুকুৰা হ’ল৷ তেওঁ কুকুৰাৰ কণী বিক্ৰি কৰি, টিউশ্বন কৰি উপাৰ্জন কৰে৷ সেইয়াই সংসাৰৰ জোৰা মাৰে৷ স্বামীয়ে পামত খেতি কৰে, গাৱঁত থাকে৷ ব্যৱসায়ত সময় দিব নোৱাৰে কাৰণে লোকচান হৈছে৷ মাজে-সময়ে ঘৰলৈ আহে৷

তেওঁ দেখিবলৈ পাইছিল তেওঁৰ দৰেই আন বহুত মহিলাৰো তেওঁৰ দৰেই সমস্যা, সকলো আৰ্থিকভাৱে দুৰ্বল৷ সকলোয়ে নিজৰ প্ৰয়োজনীয় কিবা এটা বিচাৰি নিজৰ মানুহজনৰ মুখলৈ চাব লাগে৷ মহিলাসকল লগ হ’লে আলোচনা হয় কিছুমান কথা৷ ২০০১-০২ চনত আত্মসহায়ক গোট (SHG) বনোৱাৰ প্ৰচাৰ আৰম্ভ হৈছে৷ বাইদেৱে আলোচনা কৰিলে SHG বনাবৰ বাবে৷ বনালে ১০ জনীয়া মহিলাৰ গোট, মাহে ৩০ টকাকে ১০ জনী মহিলাই ৩০০টকা জমা ৰাখিব৷ গোটটোত মাধুৰী বাইদেৱে নিজৰ উপাৰ্জনৰ পইচা জমা ৰাখে, দুগৰাকীমান মহিলাৰ স্বামীৰ উপাৰ্জন ভাল৷ বাকী কেইগৰাকী মানৰ মাহেকৰ ৩০ টকাতো জমা দিবলৈও টান৷ তেওঁলোকে কিবা এটা উপাৰ্জনৰ চিন্তা কৰিলে৷ তেওঁলোকে ঘৰতে পিঠা-লাডু ইত্যাদিবোৰ বনাই বিক্ৰি কৰিবলে ল’লে৷ ইয়াতো মূলধনৰ প্ৰয়োজন হয়৷ তেতিয়া ২০০৪ চন৷ অসমত কেচুঁ সাৰৰ প্ৰচাৰ আৰম্ভ হৈছে৷ মাধুৰী বাইদেউ আৰু গোটৰ এগৰাকী মহিলাই জিলা কৃষি বিষয়াৰ ওচৰলৈ গ’ল, আৰু য’তে যেনেকে পাৰে শিকি বুজি লৈ Amrita Vermax আৰম্ভ কৰিলে৷ তেওঁলোক দুগৰাকীয়ে পাচঁশ, পাচঁশ এহেজাৰ টকা খটুৱালে ইয়াত৷ মাধুৰী বাইদেউৰ নিজা পইচা কিন্তু আনগৰাকী সদস্যৰ স্বামীৰ পইচা৷ যিহেতু কেচুঁসাৰ বিষয়টো নতুন সেইসময়ত সকলোয়ে কবলে ধৰিলে যে, পইচা এনেই খটুৱাইছে লোকচান হব৷ তেতিয়া মাধুৰী দেৱীয়ে অংশীদাৰী পাচঁশ টকাটো ঘূৰাই দি সম্পূৰ্ণ নিজে এই ব্যৱসায় চলাবলৈ ল’লে৷ আনহাতে গোটৰ লাড়ু-পিঠা, খাৰলি-কাহুঁদি বিক্ৰি কৰা ব্যৱসায়টো আছেই৷ তেওঁৰ কেঁচুসাৰ ঘৰৰপৰাই বিক্ৰি হৈছিলে কিছু৷ কিছু বিক্ৰি হোৱা নাছিল৷ সেইয়া ২০০৬ চনৰ কথা৷ সেইবছৰ মাধুৰী বাইদেউৰ স্বামীয়ে পামত বহুত খেতি কৰিছে৷ সৰিয়হ বহুত কৰিছে, অন্যান্য আলু ইত্যাদিও কৰিছে৷ তেওঁলোকৰ ঘৰখনো এসময়ত গাৱঁৰ ভিতৰতে খেতিত ধনী আছিল৷ সকলোয়ে যেনেকৈ সমীহ কৰে সেইদৰে অনিষ্ট কৰিবলৈও চেষ্টা কৰে৷ খেতি মাটিখিনি নিজা কৰিবৰ বাবেই, সৰিয়হখিনি ধ্বংস কৰিবৰ বাবে পৰিকল্পনা কৰিয়েই হয়তো মানুহজনৰ লগত গাৱঁৰ এটা চক্ৰই কাঁজিয়া কৰিলে, লগতে অনিষ্ট কৰিলে৷ তাৰপাছৰ পৰা মানুহজন আৰু উগ্ৰ হবলৈ আৰম্ভ কৰিলে৷ এই ঘটনাই সহজ-সৰল মাধুৰী বাইদেউৰ মনত প্ৰভাৱ পেলালে৷ এফালে আৰ্থিক অভাৱ আনফালে আঁকোৰগোজ মানুহজনৰ মইমতালি স্বভাৱ৷ মহিলাগৰাকীয়ে স্থিৰ সিদ্ধান্ত ল’লে যে, তেওঁ নিজাকৈ এটা কৰিব নিজৰ কাৰণে নহ’লেও ল’ৰাকিটাক মানুহ কৰিবৰ কাৰণে৷ কিন্তু কি কৰিব৷ কথাখিনি শুনি থাকোতে আমাৰ ভাৱ হৈছিলে হয়টো মানুগৰাকীয়ে নিজৰ মানুহজনৰ প্ৰতি বিশ্বাস হেৰুৱাইছিল৷ সেইসময়ত তেওঁ টকা-পইচাৰ সাংঘাটিক অভাৱ৷ মনৰ দুখ-চিন্তাত তেওঁৰ টোপনি প্ৰায় নাহেই ৰাতি৷ তেনেতে তেওঁৰ এগৰাকী বান্ধবীয়ে তেওঁক DIC য়ে দিয়া MSME ট্ৰেইনিংত যাবৰ কাৰণে লগ ধৰিলে৷ মাধুৰী বাইদেউৰ হাতত প্ৰয়োজন হোৱা ৩০০ টকাতো নাই৷ সেই পইচাও লগৰ বান্ধবী গৰাকীয়ে দি তেওঁক প্ৰশিক্ষণলৈ লৈ গ’ল৷ আৰু এই এমাহৰ প্ৰশিক্ষণে অমৃতমাধুৰী দেৱীৰ এক টাৰ্নিং পইন্টৰ ৰূপ ল’লে৷ মানসিকভাবে ভাগি পৰা মাধুৰী বাইদেউে এই প্ৰশিক্ষণটোৰ পাছৰ পৰাই জীৱনটোক আকৌ নতুনকৈ ভাৱিবলৈ আৰম্ভ কৰিলে৷ অনুপ্ৰেৰণা পালে আগবাঢ়ি যোৱাৰ৷ আৰম্ভ হ’ল এজনী নতুন অমৃতমাধুৰীৰ৷
মাধুৰী বাইদেউৰ ভাষাৰে, “ এই প্ৰশিক্ষণটোয়ে মোৰ জীৱনৰ গতি সলাই দিছিল ৷ প্ৰশিক্ষণটো লোৱাৰ সময়লৈকে মোৰ ভাৱ হবলৈ লৈছিলে মই কিতাপ পঢ়িব, আখৰ পঢ়িব নজনা হৈ গৈছো নেকি? মই মানুহৰ লগত কথা পাতিব নেজানোনেকি? মোক দেখিলে মানুহে হাঁহে নেকি? মোৰনো কি আছে? কি কৰিবলে মই জীয়াই আছো৷ কিন্তু প্ৰশিক্ষণটো লৈ মই কিবা সলনি হৈ গ’লো৷ চাৰ্টিফিকেট খন লওঁতে আমক DIC ৰ GM চাৰে কৈছিলে, আপোনাৰ মনত এতিয়াৰ পৰা সকলো সময়তে কিছুমান ভাৱ আহি থাকিব৷ যি মনলে আহে,সব লিখি যাব৷ হয়টো আপুনি ভবিষ্যতে কি কৰিব, সেইয়া ইয়াৰ মাজতে বিচাৰি পাব৷ মই ভাবিছিলো, মইনো কি লিখিম৷ মই ঘৰত ভাত ৰান্ধিব জানো, আলহি আহিলে চাহ দিব জানো৷ ল’ৰাকিটাৰ, মানুহজনৰ আপদাল কৰিব জানো৷ ইয়াৰ বাহিৰে আৰু কি কৰিব পাৰিম৷ কিন্তু নহয়, সঁচাকৈয়ে মোৰ মনলৈ কিছুমান ভাৱ আহিবলে লৈছিল আৰু মই সেইবোৰ লিখি ৰাখিছিলো৷ আমি DIC লৈ যাওঁতে নটিছ্‌ বৰ্ডত দেখিছিলো কয়েৰৰ ওপৰত এটা কৰ্মশালা হব৷ প্ৰশিক্ষণটো IIE ৰ পৰা হব৷ মই IIE কি, Coir কি একো নাজানো৷ মাত্ৰ মই প্ৰশিক্ষণটো লব বিচাৰিলো৷ মই সুধিলত ক’লে, নাৰিকলৰ আঁহৰে বনোৱা বস্তু৷ আমি প্ৰশিক্ষণটো ল’লো৷ প্ৰশিক্ষণৰ সময়তে ক’লে, আপোনালোকে আমাক এটা চাৰ্ভে কৰি দিব লাগে৷ যদি ভালদৰে কৰিব পাৰে দক্ষিণ ভাৰতলৈ যাব পাৰিব৷ আমাক আপোনালোকৰ এই অঞ্চলত নাৰিকল গছ কিমান আছে চাৰ্ভে কৰি দিব লাগে৷ আৰু এইবোৰ মেইল কৰিব লাগিব৷ মই সুধিলো, মেইল কি বস্তু৷ তেওঁ ক’লে আপুনি কৰা চাৰ্ভেবিলাক লিখি কৰি কম্পিউটাৰ সহায়ত আমালৈ পঠাব লাগে৷” মই ভাবি পোৱা নাছিলো কম্পিউটাৰৰ সহায়ত কেনেকৈ ডাটাবোৰ পঠিয়াব পাৰো যদিও কৰিম বুলি ভাবি লৈছিলো৷ পাছদিনাৰ পৰাই মই কাম আৰম্ভ কৰিলো৷ যিহেতু মোৰ শহুৰৰ গাঁৱৰ ঘৰ৷ নিজৰ ঘৰৰ পৰাই আৰম্ভ কৰিলো৷ শাহুক সুধিলো, ঘৰৰ নাৰিকলজোপা কেনেকুৱা, কিমান লাগে৷ এইদৰে গাঁৱৰ প্ৰত্যেক ঘৰতে সুধি ডাটাবোৰ জমা কৰিবলৈ ল’লো৷ কোনোবাই সহযোগ কৰিছে, কোনোবাই আপত্তি কৰিছে, কোনোবাই ইতিকিং কৰিছে৷ মই একো কাণ কৰা নাই, নিজৰ কাম কৰি গৈছো৷ ৰ’দ বৰষূন একো নামানো৷ ঘৰৰ সব কাম বন কৰি ওলাই যাওঁ৷ ঘৰৰো কোনেও কব নোৱাৰে মই একো কাম নাই কৰা বুলি৷ বহুত কষ্ট হৈছিলে মোৰ৷ ভৰি বিষ, ফুলি গৈছিলে৷ ডাটাবিলাক জমা কৰি মেইল কৰিব লাগে ৷ CIC ত গ’লো; তাত তেওঁলোকে দেখুৱাই দিলে, কেনেকে কম্পিউটাৰত বনাব লাগে৷ মোৰ তেতিয়া মনত পৰি গ’ল আগতে এইবোৰ মই satistics ত শিকিছিলো৷ মই খুব সহজতে পাৰিলো৷ মেইল কৰিবলৈও শিকিলো৷ তেনেতে মোলৈ এদিন ফোন আহিল গুৱাহাটী IIE ৰ পৰা৷ তেওঁলোকে জনালে, মই কেৰেলা যাবৰ কাৰণে চিলেক্ট হৈছো৷ কিন্তু এটা ইন্টাৰভিউ দিব লাগিব, গুৱাহাটী আহিব লাগিব আৰু চিলেক্ট হ’লে গুৱাহাটীত ১৫ দিনৰ প্ৰশিক্ষণ এটা লব লাগিব৷ এই ফোন ক’লটো পাই মোৰ গাঁত কঁপনি উঠিছিলে৷ মই কেনেকৈ যাম৷ আজিলৈকে নিজৰ ঠাইখনকে ভালদৰে চিনি নাপাওঁ৷ গুৱাহাটী কেনেকৈ যাম৷ ল’ৰাকিটাক কি কৰিম ? দুদিনমান এনেকৈয়ে থাকিলো৷ মানুহজনকো জনালো৷ শিৱসাগৰৰ ভাইটিহ’তকো জনালো৷ ভাইটিহ’তে ক’লে, তুমি যোৱা ল’ৰাকিটা আমি চাম৷ ভাইটিহ’তে শিৱসাগৰৰ পৰা আহি মোৰ ল’ৰাকিটাৰ লগত লৈ ঘূৰি গৈছিলে৷ বৰ্ণালী, মই প্ৰথম এনেকৈ ওলাই আহিছো অকলে৷ মোৰ চিন্তা, ভয়৷ কি কৰিম ইয়াত, কাক মাতিম, কি কথা পাতিম৷ গুৱাহাটীত সফলতাৰে ১৫ দিনীয়া EDP প্ৰশিক্ষণ শেষ কৰিলো৷ আকৌ ঘৰলে ঘূৰি গৈ ৩দিন থাকি ল’ৰাকিটাক ভাইটিহ’তৰ লগতে শিৱসাগৰত এৰি থৈ কেৰেলা গুচি গ’লো৷ যাবৰ সময়ত দুখ লাগিছিল৷ কিন্তু মই যাবই লাগিব৷ সিহঁত দুটাৰ ভবিষ্যতৰ কাৰণেই মই যোৱাটো প্ৰয়োজনীয়৷ আৰু মোৰ ঘৰখনেও বিচাৰিছিলে মই কিবা এটা কৰি আগবাঢ়ি আহোঁ৷ এইদৰেই কয়েৰ বৰ্ডৰ সহায়ত মই কেৰেলা গুচি গ’লো৷ প্ৰথম বাৰৰ বাবে ট্ৰেইনত উঠিছিলো, অসমৰ বাহিৰলৈ গৈছিলো৷ সেইসকলো কথাতে মোক সহায় কৰিছিলে কয়েৰ বৰ্ডৰ S Keshabmurti চাৰে৷ মানুহজন মোক বহুত সহায় কৰিছিল, আজিও মোৰ কাৰণে পথপ্ৰদৰ্শক হৈ আছে৷ এইয়া ২০০৭-০৮ চনৰ কথা৷

কেৰেলাৰ পৰা ঘুৰি আহি কাম কৰিব লগা হ’ল৷ হাতত পইচা নাই, আগৰ কুকুৰা কণী বিক্ৰি কৰি জমা কৰা টকা ৭হেজাৰ আছিল৷ সেইয়াকে উলিয়াই আনিলো আৰু গাওঁবোৰত নাৰিকল পুলি ৰুবৰ কাৰণে এৱাৰনেছ কেম্প কিছুমান পাতিবলৈ ল’লো, নাৰিকল পুলি বিতৰণ কৰিবলে ল’লো৷ আমি এটা নাৰিকল পুলি ১২টকাত দিছিলো৷ এইদৰে মোৰ হাতলৈ খৰচ হোৱা পইচা ঘূৰি আহিছিল৷ আঁচলতে ভগৱানেও মোক সহায় কৰিছিলে৷ ইয়াৰ পাছতে কয়েৰ বৰ্ডে মোক কিছুমান প্ৰশিক্ষণ দিলে৷ মই এইবিলাক গাঁৱৰ দুখীয়া দুখীয়া ছোৱালীবোৰক দিবলৈ ল’লো৷ নাৰিকলৰ আঁহেৰে বস্তুবোৰ শিকাবলৈ, বনাবলৈ আৰম্ভ কৰিলো৷ নাৰিকলৰ পৰা বনোৱা লাড়ু, চিৰা, আচাৰ আৰু বেলেগ বেলেগ ফুদ প্ৰডাক্ট ইত্যাদি বিলাকো আৰম্ভ কৰিলো৷ ইয়াৰ লগে লগে বতৰৰ ফলমূল ইত্যাদি বিলাক লৈ জাম-জেলী, স্কোৱাচ্‌, আচাৰ ইত্যাদি বিলাকো বনাবলৈ ল’লো৷ ২০১১ চনত নিজাকৈ এখন ফুড লাইচেন্স উলিয়ালো৷ মাচ্ছৰুম উৎপাদন কৰিবলৈ ল’লো৷ শুকুৱাই বিক্ৰি কৰিবলে ল’লো, আচাৰ বনালো”
২০০৮ চনত কেৰেলাৰ পৰা ঘূৰি আহি মাধুৰি বাইদেউে কয়েৰ বৰ্ডৰ সহযোগত এখন নাৰিকল পুলিৰ নাৰ্চাৰী আৰম্ভ কৰে৷ আৰু কৃষি বিভাগৰ সহযোগত গাৱত এৱাৰনেছ কেম্পবোৰ পাতে৷ সেই সময়ত অবিভক্ত শোণিতপুৰ জিলাৰ কৃষি বিষয়া আছিল শ্ৰী অমলকৃষ্ণ হাজৰিকা৷ মহিলাগৰাকীয়ে সেইসময়ৰ জিলা কৃষি বিষয়াজন আৰু কৃষি বিষয়া আৰু সম্প্ৰসাৰণ কৰ্মীসকলৰ সহযোগিতাক সুঁৱৰি কয় যে তেওঁৰ আজিৰ কয়েৰ ইণ্ডাষ্ট্ৰীটো আৰম্ভ হোৱাত তেওঁলোকেও বহুত সহায় কৰিছিলে৷ বাইদেৱে অমৃতা কয়েৰ ইণ্ডাষ্ট্ৰীটো আৰম্ভ কৰিছিল ২০০৯ চনত৷ তেতিয়া ৭ হেজাৰ টকা ৰে আৰম্ভ কৰি বৰ্তমান প্ৰায় ৪লাখ টকাৰ সম্পত্তি থকা এই ইণ্ডাষ্ট্ৰীটোত বৰ্তমান প্ৰায় ২৫ গৰাকী যুৱতী আৰু মহিলা জড়িত হৈ আছে আৰু ইয়াৰ পৰা বছেৰেকত গড়ে তিনি লাখ টকাৰ সামগ্ৰী উৎপাদিত হয়৷ ইয়াত DOORMATE, CRIPERSELL, COIR TUB, HANDYCRAFT ITEM ইত্যাদি পোৱা যায়৷

প্ৰয়োজনৰ তাগিদাত তেওঁ ২০১০ চনত “মধুৰ ফুদ ইণ্ডাষ্ট্ৰী”টো আৰম্ভ কৰে৷ তেওঁ নাৰিকলৰ নাৰ্চাৰীৰ পৰা পোৱা প্ৰায় ২লাখ টকা ইণ্ডাষ্ট্ৰীটোত খৰচ কৰি ৫লাখ টকাৰ সম্পতি কৰে৷ ইণ্ডাষ্ট্ৰীটোৰ কাৰণে তেওঁ এই আত্মা(ATMA) শোণিতপুৰৰৰ পৰা Microwave oven,Crowncroping machine, বাচন-বৰ্তন, ফাৰ্নিচাৰ আৰু পানীৰ সুবিধাটো কৰি দিছিলে৷ এই মধুৰ ইণ্ডাষ্ট্ৰীৰ কাৰণে তেওঁ KVIB ৰ পৰা ৪ লাখ টকাৰ লোন লৈছিলে বুলিও আমাক জনায়৷ তেওঁৰ ফুদ ইণ্ডাষ্ট্ৰীটোত নাৰিকলৰ জাম, জেলী, আচাৰ, চিপচ, স্থানীয় ফল-মূল বিলাকৰ জুইছ,স্কোৱাছ, ষ্ট্ৰবেৰী-আণাৰস আৰু মিহলি ফলমূলৰ জাম, বতৰৰ ফলমূল, নেমুটেঙা, ভোটজলকীয়া, মাচ্ছৰুম ইত্যাদি বিলাকৰ আচাৰ, বাহঁগাজৰ খৰিচা, আঁচাৰ, ক’লা জামুৰ চুগাৰফ্ৰী স্কোৱাচ ইত্যাদি বিভিন্ন সামগ্ৰী পোৱা যায় বুলি আমাক জনায় ৷ বৰ্তমান তেওঁ কয়েৰ সামগ্ৰী আৰু ফুড প্ৰডাক্ট ইণ্ডাষ্টীৰ বিষয়ে বিভিন্ন ঠাইত প্ৰশিক্ষণ দিয়ে৷

দুবাৰকৈ শ্ৰেষ্ট মহিলা উদ্যোগীৰ পুৰস্কাৰ প্ৰাপ্ত মাধুৰী বাইদেউয়ে তেজপুৰৰ বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতো জড়িত৷ সৰল মনৰ এই মহিলাগৰাকীয়ে নিজে যিদৰে আগবাঢ়ি আহিছে সেইদৰে আন কোনো মহিলা বা যুৱতীয়ে আগবাঢ়ি আহিব বিচাৰিলে যৎপৰোনাস্তি সহায় কৰে৷ কবলৈ গ’লে, এতিয়াৰ অমৃতমাধুৰীৰ জন্মই হৈছিল আনবহুত মহিলাৰ দুখ কষ্ট দেখি তেওঁলোকক কিবা এটা সহায় কৰাৰ মানসেৰেহে৷

তেওঁ নিজৰ সামগ্ৰী সমূহৰ বিক্ৰি স্থানীয়ভাৱেও কৰে আৰু NERAMAC ৰ বেনাৰত ট্ৰেড -ফেয়াৰ বিলাকত বিক্ৰি কৰে৷ আৰু NERAMAC য়েও প্ৰয়োজন অনুসৰি কিনি লয়৷ তেওঁ মাহেকত গড়ে তিনিলাখ টকাৰ সামগ্ৰী উৎপাদন কৰে৷ বৰ্তমান তেওঁ উৎপাদিত সামগ্ৰী সমূহ ভাৰতৰ বাহিৰলৈ বিক্ৰিৰ বাবে পঠিওৱাৰ পৰিকল্পনা কৰি আছে বুলি আমাক জনাবলৈ দিয়ে৷ তেওঁ হেৰাই যোৱা অমৃতমাধুৰীজনীক পুনৰ উদ্ধাৰ কৰাত তেওঁৰ মাক-দেউতাক, ভায়েক-ভাইবোৱাৰীৰ সহযোগিতা আৰু তেওঁৰ ল’ৰাকিটাৰ ত্যাগ স্বীকাৰ কৰে৷

অমৃতমাধুৰী দেৱীৰ বৰপুত্ৰ সৈতে NERAMAC ৰ এটা বিক্ৰি কেন্দ্ৰত

তেওঁৰ ভবিষ্যত পৰিকল্পনাৰ বিষয়ে আমি সোধোতে তেওঁ আমাক বেকাৰী সামাগ্ৰী ডেভেল’প কৰিবলে লৈছে, স্থানীয় ঔষধি ফলমূল সমূহৰ সংৰক্ষণৰ চিন্তা কৰিছে বুলি জনায়৷ তেখেতৰ সাহস, ধৈৰ্য্য, সহিষ্ণুতা, শিকাৰ আগ্ৰহ ইত্যাদিৰ আগত আমিবিলাক খুব সাধাৰণ৷ অমৃতমাধুৰী বাইদেউৰ ভবিষ্যত উন্নতি কামনা কৰিলো৷

*************************************************************************************

লেখিকা-শ্ৰী বৰ্ণালী শৰ্মা বৰুৱা, গুৱাহাটী৷

1 Comment

  1. এটা প্ৰেৰণাদায়ক লেখা৷ আমাৰ অসমত এনে বহুত ধৰণৰ সফল কাহিনী আছে৷ যিসকলে প্ৰচাৰ বিচৰা নাই কিন্তু কাম কৰি গৈছে৷ আপোনালোকে এইসকলক সন্মুখলে অনা কাৰণে ধন্যবাদ৷ আনহাতে লেখিকাৰ লিখনশৈলী অপূৰ্ব৷ এটা নিজস্ব ষ্টাইল আছে তেওঁৰ৷ কিবা এটা লেখা সফলতা বহুতখিনি নিৰ্ভৰ কৰে লিখাৰ পদ্ধতিটোৰ ওপৰত৷ লেখিকা এইক্ষেত্ৰত সফল হৈছে৷ অমৃতমাধুৰী দেৱী আৰু তেওঁক পোহৰলে অনা লেখিকাগৰাকী, দুয়োগৰাকীৰে উজ্বল ভবিষ্যত কামনা কৰিলো৷

Leave a Response