বাৰাংহাটী অঞ্চলৰ দুজন পটোল খেতিয়ক Two Farmers’ Success in Pointed Gourd from Baranghati Area

✍~শ্ৰী বৰ্ণালী শৰ্মা বৰুৱা

আমাৰ আলোচনীত এই সফলতাৰ কাহিনীসমুহ প্ৰকাশ কৰি থকাৰ উদ্দেশ্য হৈছে আমাৰ নতুন প্ৰজন্মই কৃষিৰ কাৰণে আগ্ৰহী হওক৷ যি সকলে হতাশ হৈছে তেওঁলোকে প্ৰেৰণা পাওক৷ এই উদ্দেশ্য আগত ৰাখিয়ে আমি যুৱপ্ৰজন্ম আকৰ্ষিত হব পৰাকৈ এটা কাহিনী বিচাৰি পাইছিলো ৰঙিয়া কৃষি মহকুমাৰ বালিসত্ৰ কৃষি উন্নয়ন চক্ৰৰ বাৰাংহাটী অঞ্চলত৷
এই সুত্ৰৰ সন্ধান দিছিলে আমাৰ এই কৃষি উন্নয়ন চক্ৰৰ বৰ্তমানৰ কৃষি উন্নয়ন বিষয়া শ্ৰী মতী কবিতা কোঁৱৰে৷ এই বিষয়ত তেওঁ আৰু বেছি তথ্য জানিবলৈ আমাক চিনাকী কৰাই দিছিলে বাৰাংহাটী অঞ্চলৰ কৃষি সম্প্ৰসাৰণ সহকাৰী জ্যোতিষ শৰ্মাৰ লগত৷ এইবিষয়ত আমি কাহিনীৰ নায়ক কেইজনৰ বিষয়ে বা উক্ত অঞ্চলত কেনেকৈ পটল খেতি আৰম্ভ হ’ল জানিবৰ বাবে যোগাযোগ কৰিছিলো পুৰ্বৰ কৃষি উন্নয়ন বিষয়া শ্ৰী যুত দীপ গোস্বামীদেৱৰ লগত৷ তেখেতে জনোৱা ম’তে ২০১৫ চন মানত তেওঁলোকে গাৱৰ খেতি কৰিবলে আগ্ৰহী লোকসকলক লৈ কিছুমান সৰু সৰু গোট খুলিছিলে৷ আৰু এই গোটখিনিয়ে কম খৰচত কৰিব পৰাকে প্ৰায় ৪-৫বিধ পাচলি তেওঁলোকে বিচাৰি উলিয়াইছিলে৷ ইয়াৰ ভিতৰত আছিলে ভেন্দি, পটল, স্কোৱাছ আৰু ভাতকেৰেলা ইত্যাদি৷ তেনে এটা শাক-পাছলি খেতিত আগ্ৰহী গোটক লৈ কৃষি সম্প্ৰসাৰণ সহকাৰী জ্যোতিষ শৰ্মা দৰং জিলাৰ দ’লগাৱ গৈছিলে৷ তাত গৈ খেতিয়ক সকলে দেখিলে শাক-পাচলিৰ ব্যৱসায় ভিত্তিক খেতি কেনেকৈ কৰিব পাৰি৷ এই গোটতোৰ দুজন সদস্য আছিল হৰি ডেকা আৰু দ্বীপেন কলিতা৷ দ্বীপেন ডেকাই আহি ঘৰত নিজৰ ককায়েক অঞ্জন কলিতাক ক’লে৷ অঞ্জন কলিতাও আগবাঢ়ি আহিলে আৰু আলোচনা কৰি তেওঁলোকে অন্যান্য শাক-পাছলিৰ লগতে পটল খেতিটো বিশেষভাৱে কৰিবলে ইচ্ছুক হ’ল৷ এইখিনিতে উল্লেখ কৰিলে ভাল হব যে, এসময়ত যদিও এই পটল খেতি অকল দ’লগাৱ অঞ্চলত হে কৰিছিলে বুলি ভবা হৈছিলে, শ্ৰী যুত গোস্বামীদেৱৰ পৰা পোৱা তথ্যম’তে বাক্সা জিলাৰ বৰমা অঞ্চলৰ পৰা প্ৰায় ২০ কিঃ মিঃ ভিতৰত বৰ্তমান এই পটল খেতিৰ প্ৰায় ৫০০ বিঘাৰ এটা এলেকা আছে৷ তেওঁলোক সকলো বড়ো জনগোষ্ঠীৰ লোক৷
এই পটলৰ ঔষধি গুন যদি আমি বিচাৰ কৰো দেখিবলে পাও, যথেষ্ট নিউট্ৰিচনেল ভেল্যু থকা ইয়াৰ ব্যৱহাৰে আমাৰ হজমী ক্ষমতা বঢ়াই, কোষ্ঠকাঠিন্য দুৰ কৰে, ওজন কমোৱাত সহায় কৰে, তেজ শোধন কৰে, বয়স ধৰি ৰখাত সহায় কৰে, ব্লাড চুগাৰ আৰু কলেষ্টৰেল কমোৱাত সহায় কৰে, ফ্লু জাতীয় জ্বৰত পথ্য ইত্যাদি বহুত ধৰণৰ সহায় কৰে৷ আনহাতে পাচলি হিচাপেও পটল সকলো ধৰণৰ ব্যঞ্জনতে মিলি পৰা এবিধ উপাদান৷
আমি বাৰাংহাটী অঞ্চললৈ গৈছিলো হৰি ডেকা আৰু অঞ্জন কলিতা নামৰ দুজন খেতিয়কক লগ কৰিবৰ বাবে৷
হৰি ডেকাৰ বৰ্তমান এবিধা মাটিত এই পটোল খেতি আছে আৰু অলপ বঢ়োৱাৰ তেওঁ চিন্তা কৰি আছে৷ তেওঁ এই পটোল খেতিৰ উপৰিও অন্যান্য শাক-পাচলিৰ খেতিও কৰে৷ ঘৰৰ ধানেৰে বছৰটো জোৰা মাৰিবলে চেষ্টা কৰে৷ আৰ্থিক ভাৱে টনকীয়াল নোহোৱা কষ্ট সহিঞ্চু খেতিয়কজন এইদৰে খেতি বাটি কৰিয়ে চলি আছিলে৷ বৰ্তমান আন শাক-পাচলিৰ লগতে বিশেষভাৱে কৰিবলে লোৱা এই পটল খেতিৰ পৰা তেওঁ কিছু আৰ্থিক সকাহ লাভ কৰিবলে সক্ষম হৈছে৷ ডেকাই আজৰি সময়ত অতিৰিক্ত উপাৰ্জন হিচাপে দৰ্জীৰ কামো কৰে বুলি আমাক জনাইছিলে৷ তেওঁ জনাইছিলে যে, তেওঁলোকক প্ৰথম বছৰহে খৰচ প্ৰায় ৪০ হেজাৰ মান হৈছিলে৷ ইয়াৰ পাছৰ তিনি বছৰলে মেৰামতিৰ সামন্য খৰচৰ বাদে বিশেষ একো নাছিলে৷ ইয়াত শ্ৰমিকৰ খৰচো বেছি নাছিলে৷ যি কৰে তেওঁলোকে নিজেই কৰে৷ আৰু বছৰটোৰ প্ৰায় আঠমাহত তিনিৰ পৰা চাৰে তিনি টন পটল তেওঁলোকে বিক্ৰি কৰে বুলি আমাক জনাইছিলে৷ তেওঁলোকে প্ৰয়োজন হ’লে কম পৰিমানে ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰিছে আৰু কৃষি বিভাগৰ পৰা দিয়া ভাৰ্মি বেদত কেচু সাৰ বনাই সেইয়াও ব্যৱহাৰ কৰিছে বুলি আমাক জনাই৷
আমি কথা পাতিছিলো অঞ্জল কলিতাৰ লগত৷
অঞ্জল কলিতা দ্বীপেন কলিতাৰ ককায়েক৷ তেওঁৰ মাটি সৰ্বমুঠ ২০ বিঘা৷ ইয়াতে ১২ বিঘাত ধানৰ খেতি কৰে৷ আৰু বাকী চাৰে সাঁত বিঘা মানত শাক-পাচলিৰ খেতি কৰে৷ আৰু ইয়াৰে এবিঘা সম্পুৰ্ণ পটোলৰ চাঙ৷ এইবছৰ আৰু এবিঘা মাটি তৈয়াৰ কৰিছে পটোল খেতিৰ বাবে৷ কলিতাই কোৱা ম’তে, এই পটোল খেতি আমাৰ অসমীয়া মানুহে কৰিবৰ বাবে অতি উপযোগী খেতি৷ কাৰণ ইয়াত শ্ৰমিক বৰ বেছি প্ৰয়োজন নহয়৷ খৰচ প্ৰথম বছৰেই হয় বেছিকে৷ পাছৰ বছৰৰ পৰা উৎপাদনো বাঢ়ি যায়৷ কলিতাই আমাক জনোৱা ম’তে, প্ৰথম বছৰ এবিধা মাটিত ৩০০ তকৈ বেছি বাহৰ প্ৰয়োজন হয়৷ আৰু তেওঁলোকে দুটা শাৰীৰ মাজত ২মিটাৰ আৰু দুজোপা গছৰ মাজত দেৰ মিটাৰ ব্যৱধান ৰাখিছিলে বুলি আমাক জনাইছিলে৷ তেওঁলোকে প্ৰথম বছৰ ডালৰ পৰাই লগাইছিলে যদিও পাছলে পাছলে শিপা(উদি) ব্যৱহাৰ কৰিবলে ল’লে৷ তেওঁলোকে জনোৱা ম’তে, ডালতকৈ উদিৰ উৎপাদন বেছি আৰু গা-গছডালো মজবুট হয়৷ কলিতাইও আমাক জনাইছিলে, তেওঁৰো প্ৰথম বছৰ শ্ৰম খৰচ , মাটি প্ৰস্তুতি, চালি দিয়া আৰু অন্যান্যত প্ৰায় ৪০ হেজাৰ টকা খৰচ হৈছিলে৷ প্ৰথম বছৰ কেৱল মাত্ৰ মুলধনটো ঘুৰাই পাইছিলে আৰু উৎপাদনো এক টন মান হে আছিল৷ বৰ্তমান তেওঁলোকৰ এবিঘা মাটিত বছেৰেকত উৎপাদন প্ৰায় চাৰে তিনি টন আৰু প্ৰথম বছৰত হোৱাৰ দৰে খৰচ বিশেষ নাই৷
আমি সুধিছিলো, তেওঁলোকে কি কি সমস্যাৰ সন্মুখীন হৈছিলে৷ সমস্যা হিচাপে তেওঁলোকে কৈছিলে, পটোল খেতিত সাধাৰণতে Fruit Flies, Beetle, Red Pumpkin ইত্যাদি পোকৰ আক্ৰমন; শস্যৰ ঠাৰি গেলি যোৱা, গছৰ শিপাত টেমুনা বান্ধি গেলি যোৱা আৰু পাতত downy mildew, Mosaic ইত্যাদিৰ সন্মুখীন হৈছিলে৷ আৰু তেওঁলোকৰ এটা আপত্তি আছিলে কৃষি বিভাগৰ পৰা যথেষ্ট পৰামৰ্শ পাইছে, ভাৰ্মি বেড পাইছে, শ্বেদ নেট পাইছে আৰু সৰু সৰু সা-সুবিধা বিলাক পাই আছে৷ কিন্তু কোনো ডাঙৰ আঁচনি লব পৰা নাই৷ সেইক্ষেত্ৰত তেওঁলোকে গাৱৰে এটা বেচৰকাৰী সংগঠন “গ্ৰাম্য বিকাশ মঞ্চ” পৰা সহায় পোৱা বুলি আমাক জনাই৷
এতিয়াৰ নতুন প্ৰজন্মৰ বাবে কিবা কব নেকি সুধিলত এই খেতিয়ক জনে কৈছিলে, “কৰ্মই ধৰ্ম, মই নিজে বছেৰেকত ৩৬৫ দিনেই পথাৰত কাম কৰো৷ ৰাতিপুৱা ৫ বজাৰ আগত সদায় পথাৰলে যাও৷ ভাদ-আহিন মহীয়া ৰাতি দহ বজাত আপোনালোকে আমাক পথাৰত কবি পুলি, বেঙেনা পুলি, জলকীয়া পুলি লগাই থকা দেখিবলে পাব৷ আমাৰ উৎপাদনৰ ওপৰত ৰাইজৰ বিশ্বাস আছে কাৰণে এই ৰঙিয়া-নলবাৰী অঞ্চলত যিমান বিয়া-বাৰু হয় সবেই আমাৰ বাৰীৰ পৰা পাচলি লৈ যায়৷ বজাৰত নিকিনে৷ যিদিনা মই কৰবাত যাওঁ, যিমান সময় খৰচ কৰো সিমান সময় মই পথাৰত আগতীয়াকৈ কাম কৰো নাইবা পাছদিনা অভাৰ টাইম কৰো৷ কাম কৰিবলে মই লাজ নকৰো৷”
আমি দেখিবলৈ পাইছিলো খেতিয়ক জনৰ কথা যেনে ধৰণৰ কামও তেনে ধৰণৰে৷ তেওঁ আমাক জনাইছিলে, পটোল খেতিৰ বাবে মাটিখিনি বালীচহীয়া পানী জমা নোহোৱা ধৰণৰ হব লাগে৷ তেওঁ আমাক কৈছিলে যে, তেওঁলোক বৰষুণ দিলে পটোল বাৰীখনত নোসোমাই৷ পানী জমা হব, শিপাই কষ্ট পাব, গেলি যাব৷ সুখী হৈছিলো এজন অসমীয়া কৃষকৰ কৰ্ম নিষ্ঠা দেখি৷ আমি তেওঁলোকৰ বিষয়ে আৰু গম পাইছিলো যে, তেওঁলোকে সদায় ফচল সমুহ আগতীয়া আৰু শেহতীয়াকৈ বজাৰত উলিয়াব পৰাকৈ প্ৰস্তুত কৰে৷
আমি সুধিছিলো নৱপ্ৰজন্মক কি কব বিচাৰে৷ অঞ্জন কলিতাই কৈছিলে, “বেলেগৰ কথা কি কম৷ আমাৰ গাৱৰে বহুত লৰাই খেতি কৰিব বিচাৰে৷ কিন্তু পইচাৰ অভাৱ৷ আজি চৰকাৰে KCC দি আছে৷ কিন্তু আমি একেদিনাই নাপাওঁ৷ বেংকলে বহুতবাৰ যাব লাগে৷ অফিচত যাব লাগে৷ শেষত পইচা পাওঁ৷ কিন্তু আমি একেটা কামৰ কাৰণে ২০ দিন যাব লাগে ২৫ হেজাৰ টকাৰ কাৰণে৷ কিন্তু আমাক এই ২০ দিনৰ ক্ষতিপুৰণটো কোনে দিব৷ আমাৰ লোকচান হয়৷” কৈছিলে, লৰাবোৰ আগবাঢ়ি আহিব লাগে৷ চাকৰি কিমানে পাব৷ খেতি কৰক ভালকে৷ বহুত পইচা আছে৷ মাক-দেউতাকসকলে সৰুৰে পৰা লৰা-ছোৱালীক শিকাওক খেতি কৰিবলে৷ ৰাস্তাই ৰাস্তাই ঘুৰি ফুৰাতকৈ দুজোপা জলকীয়া লগাওক, বেঙেনা লগাওক ইত্যাদি৷
আমি গম পাইছিলো, এওলোকক দেখি গাৱৰ আৰু কেইবাজনেও এই খেতি কৰিবলে লৈছে আধা কঠা-এক কঠা মাটিত৷ গগন মাষ্টৰ নামৰ এজন ব্যক্তিয়ে আঢ়ৈ কথা কৰিছে৷ আৰু আগবাঢ়ি আহক যুৱক-যুৱতীসকল৷ অকল পটোলেই নহয়, দীৰ্ঘম্যাদী ভাতকেৰেলা কৰক, স্কোৱাচ কৰক৷ কম খৰচত কম শ্ৰমত৷
আমি এওলোকৰ কাহিনীটো এই কাৰণেই প্ৰচাৰৰ উপযোগী বুলি ভাবিলো৷ আজিৰ কথাই প্ৰতি চৰকাৰে দিব লাগে বুলি বাট চাই থকা, চৰকাৰী চাকৰীলে আশা কৰি থকা, পইচা নাই কেনেকৈ কৰিম বুলি হাত সাৱটি বহি থকা যুৱপ্ৰজন্মৰ বাবে এওলোক আদৰ্শ হব পাৰে৷ এওলোকক চৰকাৰে বা কৃষি বিভাগে সৰু-সুৰা কিছু প্ৰজেক্ট দিছে যদিও বিশেষ আৰ্থিক সুবিধা একো দিয়া নাই৷ বা চৰকাৰে দিব বুলিও ৰৈ থকা নাই৷ নিজৰ খৰচত কৰিছে৷ দ’লগাওঁ নিজৰ খৰচত গৈছে৷ এতিয়া কৃষি বিভাগৰ পৃষ্ঠপোষকতাত এটা FPC ও গঠন কৰিছে৷ তেওঁলোকে জনাই কৃষি বিভাগৰ সেইসময়ৰ উন্নয়ন বিষয়া জনে বা কৃষি সম্প্ৰসাৰণ সহায়ক জনে তেওঁলোকক পথ দেখুৱাইছিলে, কাৰিকৰী পৰামৰ্শ দিছিলে৷ আৰু তাৰ ফলাফল স্বৰূপে আজি তেওঁলোক কাৰোবাৰ কাৰণে প্ৰেৰণা হৈ পৰিছে৷ ধন্যবাদ শ্ৰী মতী কবিতা কোৱৰ বাইদেউ আমাক এনে এটা তথ্য দিয়া বাবে৷ ধন্যবাদ শ্ৰী যুত দীপ গোস্বামীদেৱ আৰু জ্যোতিষ শৰ্মাদালে আমাক কৰা সহযোগিতাৰ কাৰণে৷ আৰু শেষত আমি আকৌ কও যে, এই দুজন অসমীয়া খেতিয়ক হৰি ডেকা আৰু অঞ্জন কলিতা মতিভেচনৰ এটা বিৰল উদাহৰণ কাৰণ এওঁলোকে চৰকাৰে কিবা দিলেহে কাম কৰিম বুলি ৰৈ থকাতকৈ হাতে কামে কৰিছে৷

******************************************************************

লেখিকা-শ্ৰী বৰ্ণালী শৰ্মা বৰুৱা, গুৱাহাটী৷

Leave a Response