বেত গাজ আৰু বাঁহ গাজৰ লগত সিজোৱা মুৰ্গী মাংস

~গীতা দত্ত

উপকৰণ —
মুৰ্গী মাংস —–আধা কিলোগ্ৰাম
বাঁহ গাজ —কেইটুকুৰা মান (জোখ অনুপাতে)
বেত গাজ —কেইটুকুৰা মান (জোখ অনুপাতে )
আদা—সৰু 1 টুকুৰা
নহৰু —7/8 ফুটা
ধনীয়া পাত –1 মুঠি
জলকীয়া –2টা
জালুক —2চামুচ
কেপ্ছিকাম-1টা
ধনীয়া পাত –1 মুঠি
নহৰু, আদা,জলকীয়া এখন পটাত পিহি ললো । বেত গাজ ওপৰৰ আৱৰণ ফালি ভিতৰৰ কোমল অংশ উলিয়াই সৰু সৰুকৈ কাটি ললো । বাঁহ গাজ খিনিও একেইদৰে কাটি ললো । এতিয়া এখন কেৰাহীত মুৰ্গী মাংস , বাঁহ গাজ ,বেত গাজ,আদা,নহৰু,জলকীয়া আৰু দুই কাপ পানী দি সিজিবলৈ দিলো । আন্দাজ মতে নিমখ দিলো । মাংস খিনি লাহে লাহে সিজিবলৈ দিলো । লাহে লাহে পানী কমি আহিব । The gravvy will become thick a bit. এটা ৰঙা Capsicum কাটি দিছো । মাংস খিনি সিজিলে, মই গৰম ভাতৰ লগত পৰিবেশন কৰিলো ।

Leave a Response