বাঁহ গাজৰ খাৰ

~ববিতা দত্ত

উপকৰণ –
1.এটা সৰু বাঁহ গাজ
2.দুমুঠিমান মছুৰ দাইল
3.এটা পকা জলকীয়া
4.এটা তেজপাত
5.এচিকুট খোৱা চ’দা
6.নহৰু 5/6 ফুটা
7.মিঠাতেল 2 চামুচ
8.আন্দাজ মতে নিমখ
প্ৰস্তুতি –
প্ৰথমতে গাজটো চাফা কৰি মিহি মিহিকৈ চকলিয়াই লব।এটা চচপেনত পানী দিব।তাত গাজ খিনি উতলাব। নিমখ,তেজপাত,খোৱা চ’দা আৰু পকা জলকীয়াটো ফালি দিব।অলপ সিজিলে দাইল খিনি দিব।যেতিয়া দাইল গলি যাব নমাই থব।এতিয়া কেৰাহীত তেল দি নহৰু থেতেলি দি খাৰ খিনি তেল মাৰিব

Leave a Response