কৃষকসকললৈ দুটামান পৰামৰ্শ A Few Suggestions to Farmers

✍~ড° উদ্ধৱ ভৰালী৷

আমাৰ অসমীয়া ৰাইজৰ বাবে বহাগ বিহু মানে হৈছে খেতিৰ বতৰা৷ বিহুৰ পাছত সকলো সাজু হয়৷ কিন্তু আজি কালি সকলোৱে কবলৈ লৈছে খেতি কৰাতকৈ চাউল কিনি খোৱাই লাভ জনক৷

কথাটো মিছা নহয়৷ কিন্তু ইয়াৰ উত্তৰ কি আমাৰ কাৰণে ? সকলোয়ে খেতি বৰ্জন কৰিলে কি হব ? ইয়াৰ উত্তৰ হিচাপে আমি আলোচনা কৰিব পাৰো যে, আমি পুৰণিকলীয়া খেতিৰ নিয়ম সলনি নকৰিলে কথা বিষম হব৷ আমাৰ কৃষিৰ লগত জড়িত পৰিয়ালৰ যুৱকসকল বৰ্হি ৰাজ্যত বনুৱা হব লাগিব৷ আনহাতে যদি কৃষি কৰ্ম লাভজনক হৈ যায়, তেন্তে ৬০% লোক উপকৃত হব৷ নিবনুৱাৰ বোজাও কিছু লাঘব হব৷
আমি দেখিবলৈ পাইছিলো যে, কঠীয়া পৰা, বোকা দিয়া, ৰোৱা এইবোৰ বৰ ব্যয়বহুল৷ আৰু আজিকালি ৰোৱনী আৰু হালোৱা পোৱাতো আৰু কঠিন৷ এনেবোৰ কথা চিন্তা কৰি, মই এটা বিকল্প পদ্ধতি উদ্ভাৱন কৰাৰ বাবে চেষ্টা কৰি আছো৷ কিন্তু নতুন পদ্ধতি ৰাইজে সহজে গ্ৰহণ কৰিব যেন নালাগে৷ তাতে এচাম আছে কেৱল সমালোচনা কৰিবলৈ৷ এচামে কব, এনেকুৱা ইতিমধ্যে আমেৰিকাত, চাইনাত আছে৷ যি কি নহওক আমাৰ মাজৰে কোনোবাই প্ৰাৰম্ভিক চিন্তা আৰম্ভ কৰিব লাগিব৷
কল্পনা কৰকচোন, এজন শিক্ষিত যুৱক, এজন কৃষক, এটা ধুনীয়া ঘৰ, এখন ধুনীয়া গাড়ী, আৰু বহুত কিবা কিবি৷ এইখিনি কিন্তু ওপৰতে নাহে৷ তাৰ কাৰণে আমিও মানসিক ভাৱে সাজু হব লাগিব৷
এতিয়া আহো মই কিয় বিকল্প কৃষি পদ্ধতিৰ কথা কৈছিলো৷ প্ৰথমেই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আপোনালোক সকলোকে৷ আপোনালোকৰ প্ৰেৰণাৰ বাবে৷
এতিয়া মই এটা অংক দেখুৱাম আপোনালোকক৷
বিজ্ঞানী সকলে কয়, এজোপা ধান গছত ২০০গ্ৰাম পায়,আমি ধৰি লৈছো কমেও ১০০গ্ৰাম পাম ৷
এক বিঘা মাটি = ১,৩৩৩ বৰ্গমিটাৰ৷
প্ৰতি প্ৰতি স্কোয়েৰ মিটাৰত কমেও ২০ গোজ ধান দিয়ে৷
তেন্তে প্ৰতিবিঘা মাটিতে আমি
২০×১০০×১৩৩৩=২৬৬৬ কেজি ধান পাব লাগে বা ৬৬ মোন ধান৷
এতিয়া বিদেশত প্ৰতি বৰ্গ মিটাৰত ১০ গোজ ধান দিয়ে. আহল বহল হলে খেতি ভাল হয়. ইয়াক SRI পদ্ধতি বুলি কয়. System of Rice Intensification.
আমিও যদি প্ৰতি বৰ্গ মিটাৰত গোজ ধান দিউ, তেন্তে ৩৩ মোন ধান পাবই লাগিব৷
কিন্ত আমি পাই আছো খুব বেচি মাত্ৰ ১৮ মোনমানহে৷ কাজেই কৰবাত নিশ্চয় কিবা এটা ভূল হৈছে৷

গতিকে কৃষকক সহায় কৰিবলৈ আমি হয় খেতিৰ খৰচ কমাব লাগিব নহলে উৎপাদন বঢ়াব লাগিব৷

গতিকে এটা বিকল্প কম খৰচী সহজ পদ্ধতি লাগিবই৷ আৰু এই বিকল্প কম খৰচী সহজ পদ্ধতিৰ কাৰণে আমি চিন্তা কৰিব লাগে ৷ প্ৰথমে বীজ মানে ধান কেনে হব লাগে ? আপোনালোকে এটা পৰীক্ষা কৰি চাব পাৰে৷ এক বাল্টি পানীত নিমখ মিহলাই থাকক৷ এসময়ত দেখিব পানী খিনিত এটা কণী পেলাই দিলে ডুবি নাযায়, ওপঙি থাকিব৷ এতিয়া সেই পানীত ধানৰ বীজ খিনি ঢালি দিয়ক, দেখিব কিছু ধান ওপঙি আহিব৷ সেই ওপঙি অহা ধান পেলাই দিয়ক আৰু তলত পৰি থকা খিনি কঠীয়াৰ বাবে উপযুক্ত বীজ বুলি ৰাখক৷ কঠীয়াজোপাৰ গুৰিত লাগি থকা ধানতো এৰি পৰিবলৈ নিদিব৷ কাৰণ সেই বীজটোয়ে গছ জোপাক ২১দিন পৰ্য্যন্ত প্ৰয়োজনীয় নিউট্ৰিচন তথা গুণমান প্ৰদান কৰে৷ এতিয়া ৰোপণ কৰোতে সদায় ১০ইঞ্চিৰ অন্তৰ এটা ৰাখিব৷ পিছত নিৰনি কৰাত সুবিধা হব৷ খেতি ভাল হবলৈ নিৰনি কৰাতো অতি দৰকাৰ৷ ৰোপণ কৰোতে এদালতকৈ বেচি কঠিয়া কেতিয়াও নিদিব৷ কাৰণ ই উৎপাদন কমাই দিয়ে৷ ডাকৰ বচনত কৈছে “লাগিলে নেলাগে, নেলাগিলে লাগে” কঠীয়া ডাল মাটিত দুই চেন্টিমিটাৰ বা অতি বেছি ১১/২ ইঞ্চিত কৈ বেছি পোত যাব নালাগে৷ উৎপাদন বাধাপ্ৰাপ্ত হয়৷ আকৌ কঠীয়াৰ শিপাডাল মাটিৰ তলত ’J’ হৈ থাকিব নালাগে৷ ’L’ হৈ থাকিব পাৰে৷ কিন্তু থিয় হৈ থাকিলে ভাল৷ J’ হৈ থাকিলে উৎপাদন কম হয়৷ কঠীয়া ৰূপন কৰোতে ঈহৎ বেঁকা হৈ থাকিলে ভাল৷
-এই নিয়ম কেইটা মানি খেতি কৰিলে নিশ্চিত ভাৱে বেচছ ধান পাব৷
মই এনে বহুত কৃষক দেখিছো, যাৰ মাত্ৰ ২ বা ৩ বিঘা মাটি আছে আৰু বিপদৰ সময়ত তাকেই বন্ধকত থৈ নিজৰ মাটিতেই নিজে আধি খেতি কৰিব লগা হৈছে৷ কিন্তু কঠীয়া পৰা,ৰোৱা আদিৰ খৰচ বহন কৰিবলৈ আকৌ ধাৰ লব লগা হৈছে৷ নহলে যে তেওঁৰ বন্ধকী মাটিডোখৰ হেৰাই যাব৷ তেওঁলোকৰ একমাত্ৰ পূঁজি হৈছে শ্ৰম৷ মই তেনে কৃষকসকলৰ কথা ভাৱি ধানৰ নাৰ্চাৰী কেপচুলৰ সহায়ত খৰচ কমোৱাৰ চেষ্টা এটা কৰিছো৷ মই কঠীয়া গজোৱা কামটো ঘৰৰ সকলোয়ে মিলি কম কষ্টৰে ঘৰতে কৰাৰ কথা ভাবিছো৷ এই সাধাৰণ লোকসকলে ৰোৱনী যিহেতু আশা কৰিব নোৱাৰে, গতিকে এই nursery capsule আকৃতিৰ কঠিয়াতো দলিয়াই দিলেও হব বুলি বিশেষজ্ঞ সকলে মত পোষণ কৰিছে ৷ বেছি উৎপাদন পাবৰ বাবে একেবাৰে কুমলিয়া কঠীয়া ৰোপণ কৰিব পাৰিব৷


শেষত কও আমি এই কথাবোৰ কাগজে-কলমে লিখি থকাতকৈ সাধাৰণ খেতিয়কসকলৰ ওচৰলৈ লৈ যাব লাগিব আৰু এই দায়িত্ব আপোনালোকৰ৷ এই আলোচনীখনৰ পঢ়ুৱৈসকলৰ৷ তেতিয়াহে আমাৰ কৃষক সকলৰ মাজৰ পৰা হতাশা আতৰিব৷ আমি আমাৰ কৃষক সকলক সহযোগ কৰিব লাগিব৷ কাৰণ তেওঁলোকেই আজি আমাক অন্নমুঠি যোগান ধৰিছে৷ উন্নত প্ৰযুক্তিবোৰ আপোনালোকেই তেওঁলোকক দেখুৱাব লাগিব৷ কৃষক সকলৰ সহায়ক হোৱাকৈ মোৰ প্ৰচেষ্টা সদায় আছে, সদায় থাকিব৷ সকলো কৃষকৰ উন্নতি কামনা কৰিলো৷

Link এটা দিছো. সময় পালে এবাৰ চাব. মতামত দিব বুলি আশা কৰিলো.
https://www.youtube.com/watch?v=-xCSsXzPNPw&feature=youtu.be

Writer Dr Uddadhab Bharali,
Associate developer and member scientific advisory commitee
at TRA India
Visiting Director at Tezpur University
Director (company) at Dibrugarh University

3 Comments

  1. ডঃ উদ্ধৱ ভৰালী মহোদয়!
    নমস্কাৰ আৰু শ্ৰদ্ধা গ্ৰহণ কৰিব।আপোনাৰ লেখা টি পঢ়ি ভাবিবলৈ বাধ্য হৈছো আপুনি প্ৰকৃতাৰ্থত
    দীনবন্ধু আৰু কৃষকৰ পৰম সুহৃদ।আপোনালৈ/কৃষক বন্ধুলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলো।

Leave a Response