উদয়ন

“এহ বৰ কামোৰ ঔ;” এইয়া ভাস্কৰৰ ভাষ্য।

যোৰহাট চহৰৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দূৰৈত অসম-নগালেণ্ড সীমান্তত অৱষ্ঠিত নগাজাংকাত ভাস্কৰৰ ঘৰ। স্নাতক ডিগ্ৰী লোৱাৰ পাছত চাকৰি নিবিছাৰি ঘৰতে এনেই পৰি থকা মাটি কেইডৰাৰ মোল বুজি সি খেতিতে ধৰিলে; এতিয়া সেই খেতিয়েই হৈছে ভাস্কৰৰ মূৰটো অনবৰতে গৰম হৈ থকাৰ প্ৰধান কাৰণ। ভাস্কৰৰ দেউতাক আছিল ‘পাৰ্ট-টাইম’ শিক্ষক আৰু ‘পাৰ্ট-টাইম’ কৃষক। সেয়েহে বংশগত কৃষিৰ আৰ্হি ভাস্কৰৰ হাতত বৰ বেছি নাই। নিজেই জিমান পাৰে শিকি-বুজি সি খেতিত ধৰিছে। এই খেত্ৰত তাক বিষেসভাবে সহায় কৰিছে যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয় আৰু তাৰেই অধীনত থকা কৃষি বিজ্ঞান কেন্দ্ৰ, যোৰহাটে। কৃষিৰ ক্ষেত্ৰত সফল হ’বলৈ সি কেইবাতাও প্ৰশিক্ষণতো অংশগ্ৰহণ কৰিছে। তথাপিতো সি কৃষিত বাণিজ্যিকভাবে বৰ সক্ষম হ’ব পৰা নাই। সেয়েহে পথাৰৰ পৰা আহি সি খঙত ভোৰভোৰায় আছে। এনেতে সিহঁতৰ ঘৰত বিজয় ওলালহি। বিজয় ভাস্কৰৰ মাহীয়েকৰ পুতেক, বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ স্নাতক দ্বিতীয় বৰ্ষৰ ছাত্ৰ। এইবাৰ বন্ধত সি জেঠায়েকৰ ঘৰত ফুৰিব আহিছে। বৰ আনন্দ মনেৰে আহিছিল সি, কিন্তু ককায়েক ভাস্কৰৰ চিঞৰ-বাখৰ শুনি তাৰো খঙ উঠিল।
“ঘৰ আহি সোমাইছোহে তোৰ কেতেৰা-জেঙেৰা মাততোহে প্ৰথমতে শুনিছো, কিয় চিঞৰ-বাখৰ কৰি থাকঅ’?”
“ নহয় অ’ বিজয় চা, ডিগ্ৰীতো ভালকৈয়েই পালো ; চাকৰিৰ ফালে মুখ নেমেলি ঘৰতে থকা মাটিকণতে খেতি কৰিবলৈ ধৰিলো; দেউতায়েতো খেতিতো বেপাৰ কৰিব পৰাকৈ আজিলৈকে কৰিয়ে নাপালে। এতিয়া মই ভালকে সোমাই পৰিলো কাৰণেহে ভিতৰুৱা বাধা-বিঘিনি খিনি বুজিব পাৰিছো । কবলৈ তেনেকে একোয়েই নাই বুজিছ বিজয় কিন্তু তলে তলে বহুত কথা।”
বিজয়ে কথাবোৰ এতিয়া অলপ বুজিব পাৰিছে ,তথাপিও বিজয়ে তাক কথাবোৰ ভাঙী-পাতি ক’বলৈ ক’লে।
“এহ নকবি আৰু কামোৰ বৰ। প্ৰথম কথা,মোৰ খেতিৰ লগত বৰ বেছি অভিজ্ঞতা নাই, কিবা কিবি অসুবিধা হ’লে কৃষি বিজ্ঞান কেন্দ্ৰলৈ গৈ সোধা-পোছা কৰো,তেওঁলোকে যিমান পাৰে সহায় কৰে,কিন্তু তাতে কথা কিছুমান আছে। সদায় ছাৰহঁত KVKত নাথাকে, কেতিয়াবা যিতো বিশয়ত মোৰ অসুবিধা হয়, সেইতো বিভাগৰ বিজ্ঞানীয়ে নিয়োজিত নাই।”
ভালকৈ অসমীয়া বুজি নোপোৱা বিজয়ৰ প্ৰশ্ন
“ নিয়োজিত নাই মানে?”
“মানে পষ্ট খালি আছে। এতিয়া ধৰি ল মোৰ খেতিত কিবা বেমাৰে দেখা দিছে, তাৰ উপায় বিচাৰি বিচাৰি মই দৌৰি ফুৰিলেহে হ’ব আৰু। তাৰ উপৰিও বতৰৰ বতৰা, বজাৰত বস্তুৰ দাম, খেতিত শাৰ প্ৰয়োগ, মাটিৰ পৰিক্ষাকে ধৰি আৰু বহুত কথা যাৰ উপায় পাবলৈ টান। সেইকাৰণেহে ভোৰভোৰায় আছো। তই পঢ়িহে আছ, প্ৰেক্টিকেলি পোৱা নাই নহয় , হাতে-কামে লাগিলেহে বুজি পাবি।”

বিজয়ে কথাবোৰ শুনি মোবাইল ফোনতো উলিয়ায় কিবা কিবি কৰিবলৈ ধৰিলে। ভাস্কৰৰ তাৰ কান্দ দেখি আকৌ খঙ উথিল,
“মই ইমান দেৰিয়ে ইমান সোপা গালো তই এতিয়া সেইদালহে উলিয়ায় ললি।”
বিজয়ে ভাস্কৰৰ ফালে ট্ৰেফিক পুলিচে গাড়ি ৰখোৱাৰ দৰে হাতখন দেখোৱায় আকৌ ফোনতোত সোমাই পৰিল। ভাস্কৰে আকৌ ভোৰভোৰায় ভিতৰলৈ গুচি গ’ল। অলপ সময় ফোনতোত কিবা চোৱাৰ পিছত সি ভাস্কৰক মাত লগালে,
-ঐ ভাস্কৰদা ক’লৈ গলি? আহচোন কিবা এতা দেখাওঁ।
ভাস্কৰে ভিতৰৰ পৰায়ে মাত লগালে, “উল্টা-পল্টা কিবা নেদেখাবি ।”
বিজয়ে হাঁহি এটা মাৰি তাক মাতিলে, -আহচোন তই।
ভাস্কৰ আহি বিজয়ৰ ওচৰত বহি ললে , -কি দেখাম বুলি কৈছিলি, দেখা এতিয়া। বিজয়ে ফোনতো হাতত লৈ ‘Google’ খুলিলৈ ভাস্কৰক ক’লে, -তইতো ফেচবুক, হোৱাটচএপ পুৰা কৰি থাক, ইন্টাৰনেটৰ যে আৰু ব্যৱহাৰ আছে জাননে নাই। বিজয়ৰ কথা অকাই-পকাই কোৱাৰ অভ্যস সৰু কালৰে পৰা একেই থাকিল, ভাস্কৰে তাক কথাবোৰ চিধা-চিধিকৈ কবলৈ ক’লে। বিজয়ে মিচিকিয়া হাঁহি এটা মাৰি তাক ক’লে “ভাৰত চৰকাৰে কেইবাতাও অনলাইন ৱেব পৰ্তেল কৃষকৰ সুবিধাৰ্থে খুলি থৈছে যাৰ সহায়ত তই ঘৰতে থাকি বহুত কথা জানিব পাৰিবি। তই মাটি পৰিক্ষা কথাৰ কৈছিলি নহয়, ভাৰত চৰকাৰৰ কৃষি বিভাগে উদ্ভাৱন কৰা ‘Soil Health Card portal’ত তই যদি পঞ্জীয়ন কৰি লব পাৰ তোৰ কাম বহুতেই সহজ হৈ যাব, তোৰ মাটিৰ নমুনা এবাৰ কৃষি বিশ্ববিদ্যালয় বা KVKৰ ভূমি পৰিক্ষণ কেন্দ্ৰত দিয়াৰ পিছত পৰিক্ষণৰ কাম কিমান আগ বাঢ়িছে তই ঘৰতে বহি বহিয়েই গম পাবি, তাৰ উপৰিও তই ভূমি স্বাস্থ্য পত্ৰখনো ঘৰতে উলিয়াব পাৰিবি। আৰু এটা তেনেকোৱা ৱেব পৰ্তেল আছে mKisan নামৰ, ইয়াত তই নিজৰ নাম পঞ্জীয়ন কৰি যিকোনো ধৰণৰ প্ৰশ্ন কৰিব পাৰিব আৰু ইয়াৰ বিশেষত্ব এয়েই যে ইয়াৰ সহায়লৈ বিজ্ঞানী সকলে তোৰ পঞ্জীয়ন কৰি থোৱা নম্বৰতোলৈ বিভিন্ন কৃষি জড়িত দিহা পৰামৰ্শ যেনে বতৰৰ বতৰা, কেনেকোৱা বতৰত কি খেতি কৰিব লাগে তাৰ আগজাননি আগবঢ়াই। এইতোত পাৰিলে পঞ্জীয়ন কৰি লবি। আৰু এটা আছে Krishi Vigyan Kendra Portal, এইতো পৰ্তেলৰ সহায়ত তই তহঁতৰ ওচৰৰ KVKত কি-কি প্ৰশিক্ষণ আৰু কৰ্মশালা চলি আছে বা ভৱিষ্যতে চলিব তাৰ খবৰ পাই থকিবি আৰু বতৰৰ বতৰা আৰু কৃষি প্ৰণালীৰ বিষয়েও জানিব পৰিবি আৰু কিবা প্ৰশ্ন থাকিলেও কৰিব পাৰি, কিন্তু ইয়াৰ বাবে তই পঞ্জীয়ন কৰিব লগিব। এইতোৰ নিৰীক্ষণ পোনপটীয়াকৈ ভাৰত চৰকাৰৰ প্ৰধান মন্ত্ৰী আৰু কেন্দ্ৰীয় কৃষি মন্ত্ৰীয়ে নিজেই কৰে যাতে KVKৰ কাম-কাজত কোনো বিজ্ঞানীয়ে হেলা নকৰে আৰু কোনোবা KVKয়ে যদি সময়ে সময়ে আপদেট কৰি নাথাকে তেতিয়া কঠোৰ পৰিণামৰ সন্মুখীন হ’ব লগা হয়। কিন্তু মোৰ চাই বেছি ভাল লাগে Farmer portal, ইয়াৰ সহায়ত তই কৃষি বিমা, গুটি ক্ৰয় কৰাৰ দোকান বা অনুষ্ঠান-প্ৰতিষ্ঠান, সাৰৰ দোকান আৰু অন্যান্য কৃষি লগত জড়িত বিভাগ বোৰৰ বিষয়ে বিতং ভাবে জানিব পাৰি। ইয়াত তই নিজৰ ব্লক লেভেলত চলি থকা কৃষিৰ কথা গম পাবি ।”
-ঐ বিজয় এইটো পৰ্তেল বেছি ভাল নি বাৰু, ভাল লাগে বুলি ক’লি যে?”
বিজয়ে হাঁহি মাৰি ক’লে, “নহয়-নহয়, মোৰ ভাল লাগে কাৰণ এইটো পৰ্তেলত গ্ৰাফিক্স বেছি আছে, ভাৰতৰ মানচিত্ৰখন ওলাই থাকে তাত তই নিজৰ ৰাজ্য, নিজৰ জিলা তেনেকেই নিজৰ ব্লকলৈকে ওলাই থাকে, বস্তুবোৰ বিচাৰিবলৈ সহজ পাঁও সেইকাৰণেহে ভাল লাগে, বাকী একো কথা নাই। ইয়াৰ উপৰিও তোৰ যদি জৈৱিক কৃষিত মন আছে , কেইদিনমান আগতে প্ৰধান মন্ত্ৰীয়ে নিজেই Jaivik Kheti Portal নামৰ পৰ্তেল এটাৰ উদ্ঘাটন কৰিছে যত জৈৱিক কৃষিৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে । আৰু উত্তৰ-পূব ভাৰতক জৈৱিক কৃষিত বেছি গুৰুত্ব দিছে বুলিতো তই জানয়ে। ইয়াতো পঞ্জীয়ন কৰি থবি, কিবা লাভ থকা সুবিধা পাই যাবও পাৰ। আৰু কিষাণ কল চেন্তাৰত নম্বৰতো দি থৈছয়ে নহয় ছাগে, নাই কৰা যদি কৰি লবি; ১৮০০-১৮০-১৫৫১; এইতো হৈছে ত’ল ফ্ৰী নম্বৰ, ইয়াত ফোন কৰি নম্বৰতো পঞ্জীয়ন কৰাই ৰাখিবি, বহুত কথা জনিবলৈ পাবি। ইয়াৰ উপৰিও বহুত বস্তু আছে ইন্টাৰনেটত যাৰ সহায়ত তই খেতিত ধৰিব পাৰ যেনে rice expert যত তই ধানৰ বিষয়ে জানিব পাৰ, এইতো পিছে এতা ‘এপ’ হয়, এই হোৱাটচএপৰ নিচিনা, ইয়াত তই ধানৰ বিষয়ে চব গম পাবি, ৰোগৰ ফটোও দিব পৰিবি । তেনেকৈ Smart Kisan, Kisan Suvidha এইবোৰ বহুত আছে। নিজে এবাৰ বহি চাই লবি আৰু আমাৰ বিশ্ববিদ্যালয়ৰ কোনোবা বিজ্ঞানীৰ লগত চিনাকি আছে যদি পাতি লবি এবাৰ, কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী হলেও হ’ব; মোতকৈ বেছি জানিব।

এতিয়াহে ভাস্কৰৰ মনৰ বতৰ অলপ ফৰকাল হ’ল, ডাৱৰে গোমা কৰি থোৱা মুখখন এতিয়া অলপ উজলি উঠিছে।
-বাৰু মই কৰি চাম এইবোৰ, নোৱাৰিলে তই চাই দিবি আকৌ।
বিজয়ে হাঁহি এটা মাৰি ক’লে “ অ জেঠাই ভাস্কৰদায়ে ঘৰত সোমোৱাৰ পৰাই কামোৰি আছে, মুখ শুকুৱাই পঠালে, কিবা এটা খাবলৈ দিয়াঅ ভোক লাগিছে বৰ।”

********************************
-দীপাংকৰ বৰা, স্নাতক চতুৰ্থ বৰ্ষ, অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট

Leave a Response